danewsplus.com
danewsplus.com

দলৰ বিৰুদ্ধেই আনিছিল অভিযোগ! পাৰিষদলৈ কাৰণ দৰ্শোৱাৰ জাননী UPPL-ৰ

0 120

UPPLৰ পাৰিষদক কাৰণ দৰ্শোৱাৰ জাননী। হৰিশিঙাৰ পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীলৈ জাননী প্ৰেৰণ কৰা হৈছে। স্বৰ্গীয়াৰীৰ বিৰুদ্ধে দলীয় অনুশাসন ভংগৰ অভিযোগ। উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত দলবিৰোধী মন্তব্য কৰিছিল স্বৰ্গীয়াৰীয়ে।

পাৰিষদজনৰ ফেচবুক পোষ্টক লৈ BTRত আৰম্ভ হৈছে বিতৰ্ক। ওদালগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ মন্তব্য স্বৰ্গীয়াৰীৰ। সমষ্টিটোৰ নিলাম হ’ব বুলি মন্তব্য কৰিছিল পাৰিষদজনে। ইফালে আন কেইবাটাও গুৰুতৰ অভিযোগ আছে সঞ্জয় স্বৰ্গীয়াৰীৰ বিৰুদ্ধে। ৩ দিনৰ ভিতৰত নেতাগৰাকীয়ে লিখিত উত্তৰ দিব লাগিব দলক।

Leave A Reply

Your email address will not be published.