danewsplus.com
danewsplus.com

সোণোৱাল দিল্লীলৈ, দিছপুৰলৈ অহাৰ মন নেকি ৰাজীৱ লোচন পেগুৰ…

0 122

মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদৰ পৰা পদত্যাগ ৰাজীৱ লোচন পেগুৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ। উল্লেখ্য যে, নেতাগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে মাজুলী জিলাৰ ৰাজনীতিৰ সমীকৰণ সলনি হোৱাৰ ইংগিত পোৱা গৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ প্ৰসংগত বিভিন্ন মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ সময়তে পেগুৰ এই পদত্যাগৰ বাতৰিয়ে তেওঁ বিজেপিত যোগ দিব নেকি বুলি একাংশ লোকৰ মনত প্ৰশ্নৰ উদয় কৰিছে।

কিয়নো কেন্দ্ৰীয় মন্ত্ৰীসভাত সোণোৱালে স্থান পালে মাজুলী বিধানসভা সমষ্টিৰ বিধায়কৰ আসনখন খালী হ’ব আৰু তেনে সময়ত সুযোগ গ্ৰহণ কৰিব পাৰে ৰাজীৱ লোচন পেগুৱে। অৱশ্যে এনে কোনো খবৰ বিজেপি অথবা কংগ্ৰেছ কোনো পক্ষই বৰ্তমানলৈকে সদৰি কৰা নাই। কংগ্ৰেছৰ চৰকাৰৰ সময়ত অসমত এগৰাকী গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল পেগুৱে

Leave A Reply

Your email address will not be published.