danewsplus.com
danewsplus.com

ব্যতিক্ৰমী কামৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সোমাল নলবাৰীৰ ২ শিক্ষাৰ্থীৰ

0 146

এখন চুটি ছবি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে নলবাৰীৰ টিহুৰ সাগৰিকা গোস্বামী নামৰ ছাত্ৰীগৰাকীয়ে৷ ‘বেটী বচাও বেটী পঢ়াও’ক উৎস হিচাপে লৈ তেওঁ নিৰ্মাণ কৰিছে ‘গাৰ্ল ইজ গোল্ড’ নামৰ ছুটি ছবিখন৷ এই ছবিখনৰ ১১টা চৰিত্ৰত অভিনয় কৰাৰ লগতে ছবিখনৰ যাৱতীয় সকলো কামেই তেওঁ নিজেই কৰিছে৷

ইয়াৰ বাবে তেওঁ স্থান লাভ কৰিছে ইণ্ডিয়া বুক অব ৰেকৰ্ডছত৷ একেদৰে আটাইতকৈ সৰু কাগজৰ টুকুৰাৰে চৰাই সাজি ইণ্ডিয়া বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে নলবাৰীৰ চামতাৰ ৰাজদ্বীপ কাশ্যপ নামৰ সপ্তম শ্ৰেণীৰ ছাত্ৰজনে৷ ৬ মিনিট ৪ ছেকেণ্ডত ৪ মিলিমিটাৰ কাগজেৰে এই চৰাই সাজি অভিলেখ গঢ়িছে ৰাজদ্বীপে৷

Leave A Reply

Your email address will not be published.