danewsplus.com
danewsplus.com

বিজেপি নেতাৰ বিপৰীত স্থিতিত RSS প্ৰধান! মোহন ভাগৱতৰ মুখত হিন্দু-মুছলমানৰ ঐক্যৰ বাণী

0 104

আৰএছএছ মুৰব্বী মোহন ভাগৱতৰ মুখত হিন্দু-মুছলমান ঐক্যৰ বাণী৷ তেওঁ কয় যে, ভাৰতৰ হিন্দু আৰু মুছলমানৰ উৎস একেই৷ সকলোৰে DNAও একেই৷ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ এক অনুষ্ঠানত এই মন্তব্য কৰে মোহন ভাগৱতে৷

তেওঁ লগতে কয় যে, গো-ৰক্ষাৰ দোহাই দি যিসকলে গণৰোষৰ সৃষ্টি কৰি আক্ৰমণ চলাই তেওঁলোক হিন্দুত্বৰ বিৰোধী৷ ভাৰতত হিন্দু-মুছলমান ঐক্যই প্ৰধান৷ মুছলমানসকল ভাৰতত বিপদত পৰিছে বুলি যি ধাৰণাৰ সৃষ্টি কৰা হৈছে তাৰ প্ৰতি সঁহাৰি নিদবলৈকে তেওঁ আহ্বান জনায়৷

তেওঁ আৰু কয় যে, আমি গণতন্ত্ৰত বাস কৰিছো৷ ইয়াত হিন্দু-মুছলমান কোনোৱেই প্ৰাধান্য পাব নোৱাৰে৷ কেৱল ভাৰতীয়ইহে প্ৰধান্য পাব৷ দেশখনক শক্তিশালী কৰাৰ বাবে সকলোৱে কাম কৰিব লাগিব৷

Leave A Reply

Your email address will not be published.