danewsplus.com
danewsplus.com

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নতুন মূল্যায়ন নীতিক লৈ প্ৰতিক্ৰিয়া নিখিল ৰাভা ছাত্ৰ সন্থাৰ

0 102

ডিজিটেল ডেস্ক, গোৱালপাৰা: মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নতুন মূল্যায়ন নীতিক লৈ নিখিল ৰাভা ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গোৱালপাৰাৰ দুধনৈত সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সংগঠনটোৱে৷ নতুন মূল্যায়ন নীতিয়ে অভিভাৱকসকলক শংকিত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকল মানসিকভাৱে ভাগি পৰিব বুলি দাবী কৰে সংগঠনটোৰ নেতৃবৰ্গই।

আনহাতে, পৰীক্ষা অনুষ্ঠিত কৰাৰ সময় দীঘলীয়া হৈ গৈ থাকিলে ছাত্ৰ-ছাত্ৰীসকল অধিক জটিলতাৰ সন্মুখীন হোৱাটো নিশ্চিত বুলিও মন্তব্য কৰে সংগঠনটোৰ নেতৃবৰ্গই।  ৫ নং দফাটো বাদ দিয়া নতুবা সংশোধন কৰি ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত ভৱিষ্যত গঢ়াৰ সুযোগ দিবলৈ ৰাজ্য চৰকাৰৰ লগতে শিক্ষা বিভাগক আহ্বান জনায় সংগঠনটোৱে।

Leave A Reply

Your email address will not be published.