danewsplus.com
danewsplus.com

বৰপেটাৰ ঐতিহ্যমণ্ডিত কুমাৰকুচি সত্ৰ আজি অস্তিত্ব হেৰুৱাৰ পথত…

0 81

ডিজিটেল ডেস্ক, বৰপেটা: অস্তিত্ব হেৰুৱাৰ পথত বৰপেটাৰ পাতবাওসীস্থিত কুমাৰকুচি সত্ৰ। বৰপেটা চহৰৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰ নিলগত অৱস্থিত মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱে প্ৰতিষ্ঠা কৰা এই কুমাৰকুচি সত্ৰখন। কিন্তু আজি এই সত্ৰখন অস্তিত্বৰ গৰাহত। নখন্দা নৈৰ প্ৰবল গৰাখহনীয়াত এই সত্ৰখন। নৈৰ বুকুত জাহ যোৱাৰ অৱস্থা। এতিয়া এই সত্ৰখন ৰক্ষা কৰাৰ বাবে চিন্তিত ৰাইজ। বিগত বৰ্ষত চৰকাৰে যি অনুদান আগবঢ়াইছিল সেয়া পৰ্যাপ্ত নহয়। এতিয়া চৰকাৰৰ পৰা সহায় বিচাৰিছে সত্ৰৰ ৰাইজে।

উল্লেখ্য যে, ১৪৫২ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল এই সত্ৰখন। স্বয়ং মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল এই সত্ৰখন। মহাপুৰুষ জনাই তেওঁৰ পত্নী কালীনদী,কন্যা মনোৰমা, পুত্ৰ কমললোচনসহ এই সত্ৰখনত প্রায় পাঁচ বছৰ সময় কটাইছিল। এই সত্ৰৰ সময়ছোৱাতে তেওঁৰ পুত্ৰ কমললোচন এই সত্ৰতে চিৰবিদায় লৈছিল। প্ৰবাদ আছে মহাপুৰুষ জনাই তেওঁৰ সময়ছোৱাত এই অঞ্চলতোলৈ মাটিৰ বাচন বনোৱা কুমাৰসকলক আনিছিল বাবে এই সত্ৰ খনৰ নাম কুমাৰকুচি।

Leave A Reply

Your email address will not be published.