danewsplus.com
danewsplus.com

মহাৰাষ্ট্ৰৰ পালঘৰত ভয়ংকৰ বিস্ফোৰণ

0 111

ডিজিটেল ডেস্ক, মহাৰাষ্ট্ৰ: নিশা মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ ভাৰত ৰাসায়নিক পদাৰ্থৰ ৰাসায়নিক প্ৰকল্পত এক ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। ফলত কেবাজনো কৰ্মচাৰী আহত হয়। আহত কৰ্মচাৰীসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

এই প্ৰকল্পটো বোইছাৰ তাৰাপুৰ ঔদ্যোগিক এলেকাত অৱস্থিত। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল আহি উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও পুনেৰ এক প্ৰকল্পত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছিল। ফলত ১৮ জন কৰ্মচাৰী নিহত হৈছিল।

Leave A Reply

Your email address will not be published.