danewsplus.com
danewsplus.com

নিশা ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

0 107

ডিজিটেল ডেস্ক, ধুবুৰী: সুৰামত্ত গাড়ী চালকৰ দৌৰাত্ম্য। নিশা ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। সুৰামত্ত চালকৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় এটি কণমানি সোতৰ মহীয়া শিশু কন্যা। ধুবুৰী চহৰৰ ষ্টেচন ৰোডৰ ৯ নম্বৰ ৱাৰ্ডত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, AS17G-1555 নম্বৰৰ টাটা চুমু এখনে পিতৃ কন্যাক খুন্দিয়ায়। তাৰ পিছতেই পথৰ কাষত ৰৈ থকা এখন হোণ্ডাই এক্সেণ্ট গাড়ীত খুন্দা মাৰে টাটা চুমুখনে। ইয়াৰ পিছত পুনৰবাৰ চুমুখনে ৰৈ থকা এখন বুলেটত খুন্দিয়ায়।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতেই চুমুখনৰ চালক জয়ন্ত দাসক ৰাইজে আটক কৰি উত্তম মাধ্যম সোধাই গতাই দিয়ে আৰক্ষীক। ইপিনে,চুমুখনকে ধৰি তিনিখন বাহন যথেষ্ঠ পৰিমাণে ক্ষতি সাধন হয়। গুৰুতৰভাবে আহত কণমানি শিশুটিমেহনাজ সৰকাৰ (১৭মাহ) ক ততাতৈয়াকৈ ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এতিয়াও শিশুটি সংকটমুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, গুৰুতৰভাবে আহত শিশুটি ধুবুৰীৰ ৯ নম্বৰ ৱাৰ্ডৰ মহম্মদ সৰকাৰৰ কন্যা মেহনাজ সৰকাৰ। নিশা কণমানি কন্যাক লগত লৈ পথৰ কাষেৰে খোজকাঢ়ি আছিল পিতৃয়ে। তেনে সময়তে এই দুৰ্ঘটনাতো সংঘটিত হয়।

Leave A Reply

Your email address will not be published.