danewsplus.com
danewsplus.com

ধেমাজিত দল হৰিণা বধ, আটক তিনি

0 85

ডিজিটেল ডেস্ক, ধেমাজি: ধেমাজি বন সংমণ্ডলৰ অন্তৰ্গত বৰদলনিৰ গৰিয়া চাপৰিত ৩৫ কেজি ওজনৰ এটা দল হৰিণা স্থানীয় লোকে নৃশংসভাৱে বধ কৰি ভক্ষণ কৰে। তাৰ পাচতে এক গোপন সূত্ৰৰ পম খেদি ধেমাজি বন আৰক্ষীয়ে বৰদলনি-পেহিয়তী অঞ্চলৰ ধোৱাবাৰী গাঁৱৰ তিনিজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন লোককেইজন ক্ৰমে ধোৱাবাৰী গাঁৱৰ বাসিন্দা ৰাজেন দাস, ভুৱন দাস, দিলীপ দাস ৷ তিনি অভিযুক্তৰ পৰা হৰিণাটোৰ তিনি কেজি ওজনৰ এখন ছাল আৰু এখন দা উদ্ধাৰ কৰে বন বিভাগে।

উল্লেখযোগ্য যে, আটকাধীন এই তিনি অভিযুক্তৰ উপৰিও এই ঘটনাৰে জড়িত অপৰাধী আন ১৪ জনক আটক কৰিবলৈ বন বিভাগে অভিযান চলাইছে যদিও এই পৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আটকাধীনএই তিনিজনৰ লগতে জড়িত সকলৰ বিৰুদ্ধে বন বিভাগে বন্য প্ৰাণী আইন ১৯৭২ ধাৰাৰ অধীনত ইতিমধ্যে গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাটোৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তুলিছে ৷

লক্ষ্যণীয় বিষয় যে, অভিযুক্তকেইজনে গৰিয়া চাপৰিত উপস্থিত হৈ দল হৰিণাটোক খেদি খেদি বধ কৰি হৰিণাটোৰ মাংস ভক্ষণ কৰিছিল ৷ এই নৃশংস প্ৰবৃতিক ধেমাজিৰ প্ৰকৃতি প্ৰেমীয়ে তীব্ৰ গৰিহণা দিছে ৷

Leave A Reply

Your email address will not be published.