danewsplus.com
danewsplus.com

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনাই চিকিৎসকক আক্ৰমণ

0 79

ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনাই ৰাজধানী দিল্লীত চিকিৎসকক আক্ৰমণৰ ঘটনা৷ দুজন চিকিৎসকক স্থানীয় লোকে প্ৰহাৰ কৰাৰ দৃশ্য বন্দী হ’ল চিচি টিভি কেমেৰাত৷ দিল্লীৰ গৌতম বুদ্ধ নগৰত ঘটিছে এই ঘটনা৷ আক্ৰমণৰ বলি হোৱা দুই চিকিৎসকৰ এজন AIIMSৰ আৰু আনজন সফদৰজং হাস্পতালৰ৷

আক্ৰমণটোত গুৰুতৰভাৱে আহত দুই চিকিৎসক সম্প্ৰতি AIIMSত চিকিৎসাধীন৷ এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয় এখন ব্যৱসায়িক প্ৰতিষ্ঠানত৷

ঘটনা সন্দৰ্ভত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ অভিযোগ- দুই চিকিৎসকৰ এজনে সুৰামত্ত অৱস্থাত তৰ্কত লিপ্ত হৈছিল৷ ক’ৰোনাক লৈ এজন গ্ৰাহকে কৰা মন্তব্যৰ পিছতে চিকিৎসকজনে অভৱ্য আচৰণ কৰাৰো অভিযোগ উঠিছে৷ আৰু তাৰ পিছতে দুই চিকিৎসকক প্ৰহাৰ কৰে উপস্থিত একাংশই৷

Leave A Reply

Your email address will not be published.