danewsplus.com
danewsplus.com

ইউৰো কাপত অব্যাহত আছে অঘটন,এইবাৰ প্ৰতিযোগিতাৰ পৰা বাহিৰ জাৰ্মানী !

0 153

অঘটনেৰে আৰম্ভ হোৱা চলিত ইউৰো কাপত নকআউট পৰ্যায়লৈকে অঘটন অব্যাহত আছে ৷ ফ্ৰান্স, ক্ৰ’ৱেছিয়া, পৰ্টুগালৰ পিছত ইউৰো কাপৰ পৰা বাহিৰ হ’ল অন্যতম এটা শক্তিশালী দল জাৰ্মানী ৷ মঙলবাৰে নক আউট ৰাউণ্ডত ইংলেণ্ডৰ বিৰুদ্ধে ২-০ গ’লত পৰাস্ত হৈ ইউৰো কাপৰ দৌৰৰ পৰা বাহিৰ হ’ল জাৰ্মানী ৷

ইংলেণ্ডৰ ৰেহিম, ষ্টাৰলিং আৰু হেৰিকেনৰ গ’লেৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ইংলেণ্ডে ৷ শনিবাৰে কোৱাৰ্টাৰ ফাইনেলত ইউক্ৰেইনৰ মুখামুখি হ’ব ইংলেণ্ড ৷ আন এখন খেলত আজি ইউক্ৰেইনে ২-১গ’লত পৰাস্ত কৰে ছুইডেনক ৷ খেলখন নিৰ্ধাৰিত সময়ত ১-১ গ’লত ড্ৰ হয় যদিও অতিৰিক্ত সময়ত আৰটেম ড’ভবিকে নিৰ্ণায়ক গ’ল কৰি ইউক্ৰেইনক কাংক্ষীত জয় আনি দিয়ে ৷

Leave A Reply

Your email address will not be published.