danewsplus.com
danewsplus.com

জম্মু-কাশ্মৰীত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ, নিজৰ ঘৰতে আৰক্ষী বিষয়া আৰু পত্নীক গুলীয়াই হত্যা

0 441

জম্মু-কাশ্মৰীত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণ ৷ নিজৰ ঘৰতে আৰক্ষী বিষয়া আৰু পত্নীক গুলীয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে ৷ পুলৱামাৰ হৰিপৰিগাম ট্ৰাল অঞ্চলত এই নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদীৰ দলে এজন আৰক্ষী বিষয়াৰ ঘৰত প্ৰৱেশ কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে ৷

যাৰ ফলত থিতাতে নিহত হয় ফাইজ আহেমদ নামৰ আৰক্ষী বিষয়াজন ৷ আনহাতে গুৰুতৰভাৱে আহত হয় তেওঁৰ পত্নী আৰু কন্যা ৷ শেহতীয়াকৈ জানিব পৰা মতে, চিকিৎসালয়ত প্ৰাণ ত্যাগ কৰে আৰক্ষী বিষয়াজনৰ পত্নীয়ে ৷ ইফালে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে তেওঁৰ কন্যা ৷

Leave A Reply

Your email address will not be published.