danewsplus.com
danewsplus.com

টিকাকৰণ অভিযানৰ বাবে ভাৰতে গঢ়িলে অভিলেখ

0 96

ডিজিটেল ডেস্ক: ভাৰতত অব্যাহত থকা কৰ’ণা প্ৰতিষেধকৰ টিকাকৰণ অভিযান সম্পৰ্কত ভাৰতে এক নতুন অভিলেখ গঢ়ে। দেশত এতিয়ালৈকে মুঠ ভেকচিন প্ৰদানৰ সংখ্যাৰ ফালৰপৰা ভাৰতে ইংলেণ্ডক চেৰ পেলাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, ভাৰতত এতিয়ালৈ মুঠ ৩২.৩৬ কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াৰ বিপৰীতে ইংলেণ্ডে এতিয়ালৈ ৩২.৩৩কোটি পালি প্ৰতিষেধক প্ৰদান কৰিছে।

ইফালে, দেশত দৈনিক সংক্ৰমণ আৰু মৃত্যু হোৱা লোকৰ সংখ্যাও হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৭৯জন আক্ৰান্তৰ। সোমবাৰে পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে দেশৰ টিকাকৰণ অভিযানে তীব্ৰতা লাভ কৰাৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ এই অভিযানৰ সৈতে জড়িত সকলোকে অভিনন্দনো জ্ঞাপন কৰে। সকলোকে বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰাৰ বাবে কেন্দ্ৰ দায়বদ্ধ বুলিও তেওঁ দোহাৰে। উল্লেখ্য যে, বিগত এসপ্তাহতে দেশত ৩ কোটি, ৯১লাখৰো অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া কথা যে, দেশত প্ৰতিষেধকৰ নাটনি, প্ৰতিষেধক প্ৰদানৰ নামত হোৱা কেলেংকাৰি, ভুৱা প্ৰতিষেধক কাণ্ড আদিক লৈ বিতৰ্ক চলিছে যদিও টিকাকৰণ অভিযানক তীব্ৰতৰ ৰূপত অব্াযাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.