danewsplus.com
danewsplus.com

অসম আৰক্ষীত নতুনকৈ সংযোজন হ’ল চাইবাৰ ফৰেনচিক লেব কাম ট্ৰেইনিং চেন্টাৰ

0 133

অসম আৰক্ষীত নতুন সংযোজন৷ চাইবাৰ অপৰাধ ৰোধ কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে৷ উলুবাৰীস্থিত CIDৰ কাৰ্যালয়ত সোমবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় চাইবাৰ ফৰেনচিক লেব কাম ট্ৰেইনিং চেন্টাৰৰ৷

ৰাজ্যৰ প্ৰতিখন থানালৈ প্ৰদান কৰা হয় চাইবাৰ ক্ৰাইম ফাৰ্ষ্ট ৰেচপনচ কিট৷ এই নতুন ব্যৱস্থা উদ্বোধন কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তই৷

লগতে মুকলি কৰে চিটিজেন ফাইন্সিয়েল চাইবাৰ ফ্ৰড ৰিপ’ৰ্টিঙ এণ্ড মেনেজমেন্ট চিষ্টেমৰো৷ ইয়াৰ লগত সংগতি ৰাখি এটা হেল্পলাইন নম্বৰো মুকলি কৰে ৰাইজৰ বাবে৷ নম্বৰটো হৈছে 155260৷

Leave A Reply

Your email address will not be published.