danewsplus.com
danewsplus.com

ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰূপ লৈছে পাটাকাটাত

0 83

ডিজিটেল ডেস্ক, দক্ষিণ শালমাৰা: নিৰ্বাচনৰ পূৰ্বে চমকৰ ৰাজনীতি দেখুওৱা চৰকাৰখনৰ এতিয়া দিনক দিনে ফোপোলাস্বৰূপ পৰিস্ফুট হৈছে। হাজাৰটা মিছা প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰা চৰকাৰখনৰ এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি নাই। কেনে আছে সেইসকল ৰাইজ বা কিদৰে জীৱন পাৰ কৰিছে সেই বিষয়েও এবাৰ হ’লেও সুধিবৰ সময় নাই বৰমূৰীয়াসকলৰ। তেওঁলোকৰ এই কৰ্মকাণ্ডত এনেকুৱা লাগে যে নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈহে নিৰ্বাচনৰ পূৰ্বে ন ন চমক সৃষ্টি কৰিছিল এইসকল নেতাই।

হয়, নিৰ্বাচনৰ পূৰ্বে এনেকৈয়ে প্ৰতিস্ৰুতি দিছিল বিধায়ক ৱাজেদ আলীয়ে মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাবাসীক। প্ৰায় চাৰিটা দশক ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত দক্ষিণ শালমাৰাৰ বহু গাঁও আৰু শ শ হেক্ট্ৰৰ কৃষি ভূমি লুইতৰ বুকুত জাহ গৈছে। প্ৰতি বছৰেই গৃহহাৰা হৈছে হেজাৰ হেজাৰ পৰিয়াল। এইবাৰো বাৰিষাত তথৈবচ অৱস্থা এইসকল লোকৰ। তীব্ৰ ভাবুকিৰ সন্মুখত দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাই। চপৰা চপৰে খহিছে দক্ষিণ শালমাৰা সমষ্টিৰ পাটাকাটাৰ বিভিন্ন ঠাইত। ব্ৰহ্মপুত্ৰই ভয়ংকৰ ৰুপ লৈছে পাটাকাটাত। এই ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ পাবলৈ খোদ ৰাইজেই কাম কৰিব লগীয়া হৈছে। খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰী আঁচনিৰ কোটি কোটি ধন খৰচ কৰা হৈছে যদিও দৰাচলতে লুষ্ঠৰাজ চলি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। ফলত কোনো এটা অঞ্চল লুইতৰ কাল সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ পোৱা নাই।

আনহাতে প্ৰতিটো নিৰ্বাচনৰ সময়ত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে পঞ্চমবাৰলৈ বিধায়ক হোৱা ৱাজেদ আলীয়ে। আজিও বাস্তৱত ৰূপায়িত নহ’ল সেই প্ৰতিশ্ৰুতি। যাক লৈ তীব্ৰ ক্ষোভ উজাৰিছে দুৰ্ভগীয়া ৰাইজে।

Leave A Reply

Your email address will not be published.