danewsplus.com
danewsplus.com

মৰিগাঁৱৰ শিশু ধৰ্ষণৰ ঘৃণনীয় ঘটনাৰ মূল অভিযুক্ত ছৈয়দ আলীক গ্ৰেপ্তাৰ

0 109

মৰিগাঁৱৰ বালিডোঙাত সংঘটিত শিশু ধৰ্ষণৰ ঘৃণনীয় ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ৷ নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই ঘটনাৰ মূল অভিযুক্ত ৬৫ বছৰীয়া ছৈয়দ আলীক৷ যোৱা দেওবাৰে শিশুটিক ধৰ্ষণ কৰি হত্যা কৰিছিল ছৈয়দ আলীয়ে৷ এডৰা মৰাপাতৰ মাজত উদ্ধাৰ হৈছিল মৃতদেহ৷

মুখ্যমন্ত্ৰীয়ে ভুৰাগাঁৱত উপস্থিত হৈ আৰক্ষীক নিৰ্দেশ দিছিল অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে৷ ইয়াৰ পিছতেই এসপ্তাহৰ মুৰত নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছৈয়দ আলীক৷

বৰ্তমান মৰিগাঁও সদৰ থানাত জেৰা কৰি থকা হৈছে ছৈয়দ আলীক৷ বালিডোঙাত তলে তলে বিৰাজ কৰিছে উত্তেজনাই৷ গৰিয়া-মৰিয়া সংগঠনে দোষীক কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.