danewsplus.com
danewsplus.com

‘আব্বু’ আৰু উভতি নাহে.. পিতৃৰ মৃত্যুক সহজে মানি লব পৰা নাই পিতৃহাৰা কণমানিটিয়ে

0 64

ডিজিটেল ডেস্ক, বিলাসীপাৰা: পিতৃহাৰা কণমানিৰ হিয়া ভঙা কান্দোন। কিন্তু পুত্ৰৰ এই কান্দোন নুশুনে পিতৃয়ে। কাৰণ চিৰদিনৰ বাবে শুই পৰিল পিতৃ। পিতৃৰ কৱৰৰ কাষত ‘আব্বু আব্বু’ বুলি চিঞৰি হিয়া ঢাকুৰি কান্দিলেও আৰু উভতি নাহে। কিন্তু কোনে বুজাব অবুজ, নিষ্পাপ কণমানিটিক।

বিশ্বজুৰি কাল কৰ’ণাই বিভীষিকাৰ সৃষ্টি কৰিছে। চৌদিশে মৃত্যুৰ কিৰীলি। সাম্প্ৰতিক পৰিস্থিতিৰ পৰা সহজেই অনুমান কৰিব পৰা যায় যে মৃত্যু এতিয়া সুলভ হৈ পৰিছে। কি কৰা নাই কাল কৰ’ণাই? কত জনৰ আপোনজনক নিমিষতে কাঢ়ি লৈ গৈছে কৰ’ণাই। কিমান শিশু পিতৃ-মাতৃহাৰা হৈ পৰিছে। বিলাসীপাৰাতো দেখা গ’ল কাল কৰ’ণাৰ এক হৃদয়বিদাৰক দৃশ্য। ক’ভিডত পিতৃৰ মৃত্যুৰ পিছত পিতৃৰ কৱৰৰ ওচৰত এটি কণমানিৰ হিয়া ভঙা কান্দোনে সকলোৰে হৃদয় কঁপাই তুলিছে। কৱৰৰ কাষত ‘আব্বু আব্বু’ বুলি চিঞৰি হিয়া ঢাকুৰি কান্দিছে শিশুটিয়ে। পিতৃৰ মৃত্যুক সহজে মানি লব পৰা নাই অবুজ শিশুটিয়ে। সম্প্ৰতি সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, বিলাসীপাৰা আনন্দনগৰৰ গোলাম মোস্তাফা আহমেদ নামৰ লোকজন যোৱা ৩০ মে’ ত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল। এ আই ইউ ডি এফৰ বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ সভাপতি আছিল গোলাম মোস্তাফা আহমেদ। আহমেদে ২ পুত্ৰ সন্তান আৰু এজনী কন্যা সন্তানসহ সহ-ধৰ্মীনিক এৰি সংসাৰৰ পৰা বিদায় মাগে।

Leave A Reply

Your email address will not be published.