danewsplus.com
danewsplus.com

ডেল্টা প্লাছ ভেৰিয়েন্টৰ লক্ষণসমূহ কি কি?

0 91

ডিজিটেল ডেস্ক: বিশ্বজুৰি মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে তৃতীয় ঢৌৱেও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে ভাৰততো প্ৰৱেশ কৰিছে ডেল্টা প্লাছ। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, এতিয়ালৈকে ডেল্টাৰ উপস্থিতি বিশ্বৰ ৮৫খন দেশত পোৱা গৈছে। লক্ষণীয়ভাৱে, দক্ষিণ আফ্ৰিকাত সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে। ভাৰততো এতিয়ালৈকে ১২ খন ৰাজ্যত মুঠ ৪৯টাৰ দেহত ডেল্টাৰ উপস্থিতি ধৰা পৰিছে। মহাৰাষ্ট্ৰত সৰ্বাধিক লোক ডেল্টা প্লাছত আক্ৰান্ত হৈছে।

ডেল্টা প্লাছ ভেৰিয়েণ্ট হৈছে ডেল্টা ভেৰিয়েণ্টৰ এক পৰিৱৰ্তিত ৰূপ, পূৰ্বে ইয়াৰ সংক্ৰমণ ভাৰতত পোৱা গৈছিল। উল্লেখ্য যে, চলিত মাহৰ আৰম্ভণিতে বিশ্ব স্বাস্থ্য সংস্থাই ডেল্টাক কৰ’ণা ভাইৰাছৰ প্ৰকাৰ বুলি তালিকাোবুক্ত কৰিছিল। ইয়াৰ লক্ষণসমূহ হ’ল কাহ, ডায়েৰিয়া, জ্বৰ, মুৰৰ বিষ, ছালৰ চোকোৰা, আঙুলিৰ ৰং সলনি হোৱা, বুকুৰ বিষ, পেটৰ বিষ, ভোক কমা আৰু উশাহ চুটি হোৱা।

Leave A Reply

Your email address will not be published.