danewsplus.com
danewsplus.com

হাত জোকাৰি বিদায় দিলে মাতৃয়ে! মৰিয়নীৰ ঘৰৰ পৰা গুৱাহাটীলৈ ৰাওনা অখিল গগৈ

0 288

মৰিয়নীৰ চেলেং লুখুৰাখন গাঁৱৰ পৰা বিয়লি ৩ বজাত গুৱাহাটী অভিমুখে ৰাওনা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চকুলো টুকি অখিলক বিদায় জনায় মাতৃ প্ৰিয়দা গগৈৰ লগতে গাঁওবাসীয়ে।

যোৰহাট জিলাৰ লগতে মৰিয়নী সমষ্টিৰ বহুসংখ্যক লোকে অখিল গগৈ ঘৰৰ পৰা ওলাই অহাৰ সময়ত উপস্থিত থাকি নেতাগৰাকীক বিদায় জনায়।

ইপিনে অখিল গগৈৰ বিদায়ৰ মুহূৰ্তত যোৰহাটৰ এগৰাকী উপ আৰক্ষী অধীক্ষকে এগৰাকী বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত অখিল গগৈৰ বাসভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অখিল গগৈৰ হস্তক্ষেপত ক্ষান্ত হয় সাংবাদিকসকল।

Leave A Reply

Your email address will not be published.