danewsplus.com
danewsplus.com

মাতৃ-পুত্ৰৰ সৈতে ২টা নিশা কটাই পুনৰ কাৰাগাৰত অখিল গগৈ

0 120

জিএমচিএইচত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ। দীৰ্ঘদিনে কাৰাগাৰত থকাৰ পিছত কেৱল ৪৮ ঘন্টাৰ বাবে মাতৃ আৰু পুত্ৰক দেখা কৰাৰ বাবে আদালতৰ পৰা অনুমতি লাভ কৰিছিল বিধায়কগৰাকীয়ে। তাৰ পিছতে তেওঁ এনিশা নিজৰাপাৰত পুত্ৰ পত্নীৰ সৈতে আৰু দ্বিতীয় নিশাটো মাতৃৰ সৈতে যোৰহাটৰ গাঁৱৰ ঘৰত কটাইছিল।

অৱশেষত আদালতে বান্ধি দিয়া সময়সীমা শেষ হোৱাৰ পিছতে বিধায়কগৰাকী পুনৰ দেওবাৰে সন্ধিয়া জিএমচিএইচত উপস্থিত হয়হি। জিএমচিএইচত উপস্থিত হৈয়ে মাতৃৰ কথা ক’লে বিধায়কগৰাকীয়ে। মাতৃৰ সৈতে কেনেদৰে এটা দিন কটালে সেই কথাও সাংবাদিকক ক’লে বিধায়ক অখিলে।

মাতৃয়ে সোঁ চকুৰে নেদেখা হৈছে বুলি কৈ বিধায়কগৰাকীয়ে পুনৰ কয় মাৰ স্মৃতি শক্তিও হ্ৰাস পাইছে। ঘৰৰ পৰা ওলাই আহোতে মনটো খুব বেয়া লাগিছিল। কেইটাবাও গোচৰৰ বাবে অখিল গগৈ কাৰাগাৰত আছিল যদিও ইতিমধ্যে বহুকেইটা গোচৰত তেওঁ জামিন লাভ কৰিছে। বৰ্তমানেও চানমাৰী থানাৰ এটা গোচৰত কাৰাগাৰতে থাকিবলগীয়া হৈছে নেতাগৰাকী।

Leave A Reply

Your email address will not be published.