danewsplus.com
danewsplus.com

টংলা পৌৰসভাই হত্যা কৰিলে ৩০০ বগলী

0 149

ক্ষমতাই মূৰত ধৰিছে টংলা পৌৰসভাৰ। বন সুৰক্ষা আইন জলাঞ্জলি দি মুহূৰ্ততে হত্যা কৰিলে ৩০০ বগলী’ক। যিটো সময়ত বন‍্যপ্ৰানী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে ওদালগুৰি জিলাৰ টংলা চহৰত একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাহ গছত আশ্ৰয় লৈ থকা প্ৰায় ৩০০ বগলী’ক অতি নিৰ্মম ভাৱে হত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে।
এই নিৰ্মম ঘটনা সংঘটিত হৈছে টংলা চহৰত।

টংলা চহৰৰ ১ নং ওৱাৰ্ড’ৰ বাসিন্দা লোকজীৎ সুতাৰ’ৰ এজোপা বাঁহ গছত প্ৰায় তিনি শতাধিক বগলীয়ে আশ্ৰয় লৈ আছিল। এই বগলী জাকৰ মাজত আছিল বহু পোৱালি। যাক লৈ সুতাৰৰ পৰিয়ালৰ লোকে বগলী বোৰক খাদ্য যোগান ধৰি আনন্দ লাভ কৰিছিল।কিন্তু এই কাৰ্য্য সহ‍্য নহল,টংলা পৌৰসভাৰ একাংশ ওভতগোৰে নচা কৰ্মচাৰীৰ‌।

কোনো কথা বতৰা নোহোৱাকৈ হঠাৎ লোকজীৎ সুতাৰলৈ পৌৰসভাৰ পৰা এখন জাননী জাৰি কৰা হ’ল। জাননী’ৰ ভিতৰুৱা কথা হ’ল,সুতাৰে ঘৰৰ বাঁহ চোপ যিকোনো প্ৰকাৰে কাটিব লাগে। কিন্তু আজি হঠাতে সূতাৰৰ পৰিয়ালৰ লোক নথকা অৱস্থাত হাতত দা-কুঠাৰ লৈ পৌৰসভাৰ লোক উপস্থিত হৈ এফালৰ পৰা বাঁহ চোপ কাটি শতাধিক বগলীক হত্যা কৰে। টংলা পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াৰ নেতৃত্বত মুহূৰ্ততে পৌৰসভাৰ কৰ্মচাৰীৰ দ্বাৰা বাঁহ গছজোপা কাটি হত্যা কৰে ৩০০ টাকৈ বগলী ।যি দৃশ্যই এতিয়া প্ৰকৃতিপ্ৰেমী তথা জীৱপ্ৰেমীৰ চকু সেমেকাই তুলিছে।

Leave A Reply

Your email address will not be published.