danewsplus.com
danewsplus.com

নাওবৈচাৰ এজন শিক্ষিত নিবনুৱা যুৱকৰ উৎকৃষ্ট নিদৰ্শন

0 84

ডিজিটেল ডেস্ক, নাওবৈচা: ‘মন কৰিলেই চন, বকৰা মাটিতেই ধন’ এই আপ্তবাক্যশাৰীৰ সত্যতা প্ৰতিপন্ন কৰি নাওবৈচাৰ বঙ্গালমৰাৰ এজন উদ্যমী যুৱকে দাঙি ধৰিছে কৰ্ম বিপ্লৱৰ সমুজ্জল দৃষ্টান্ত। এটা চৰকাৰী চাকৰিৰ বাবে ৰাজ্যৰ লাখ লাখ নিবনুৱাই হাহাকাৰ কৰি ফুৰা সময়তে বঙ্গালমৰাৰ ১নং মিৰি গাৱঁৰ ৰজত পাৱে নামৰ এজন যুৱকে স্বাৱলম্বীতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।

কৰ’ণাকেন্দ্ৰিক আংশিক লক ডাউনৰ মাজতেই নিজ ঘৰতে প্ৰায় ২০ বিঘা মাটিত বগৰী, অমিতা, জলকীয়া,আম ইত্যাদিৰ উপৰিও মীন পালনেৰে সাধাৰণ পদ্ধতিৰে উৎপাদন কৰি বজাৰ দখল কৰিছে। মহামাৰী কৰ’ণাৰ ভয়ংকৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি আন্ত:জিলা যাতায়ত বন্ধ ৰখাৰ ফলত কৃষকসকল যথেষ্ঠ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ বাবে উদ্যমী যুৱক ৰজত পাৱেই চৰকাৰলৈ আহ্বান জনাইছে যাতে এইসকল খেতিয়কক এককালীন সাহায্য প্ৰদান কৰি পেটৰ ভাতমুঠি মোকলাই দিয়ে।

Leave A Reply

Your email address will not be published.