danewsplus.com
danewsplus.com

ঠিকনা সলনি নহ’ল ‘পিকে’ৰ! এছ আই কেলেংকাৰীৰ ‘মাষ্টাৰ মাইণ্ড’ক নিদিলে জামিন

0 118

এছ আই চাকৰি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড পি কে দত্তক জামিন নিদিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আৰক্ষীৰ চাকৰিৰ কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱা দত্তই জামিন বিচাৰিও লাভ কৰিবলৈ অক্ষম হয়।

উল্লেখ্য যে, অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্তক অসম আৰক্ষীৰ বিশেষ শাখাই গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ ক্ষেত্ৰত হোৱা কেলেংকাৰীৰ তদন্ত কৰাৰ সময়তে পি কে দত্ত এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত থকাৰ কথা জানিব পৰা গৈছিল। তাৰ পিছতে দত্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply

Your email address will not be published.