danewsplus.com
danewsplus.com

কেইখনমান বিশেষ গাঁও ! আনাৰসৰ খেতিৰে জিলিকিছে গাঁওকেইখন

0 82

উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ এচকল আনাৰস খালে দেহ মন জুৰ পৰি যায় ৷ এনে সময়তে আনাৰসৰ খেতিৰে জিলিকিছে তামুলপুৰ মহকুমাৰ ভাৰত ভুটান সীমান্তৰ কেইখনমান বৃহত্তৰ গাঁও৷

থলুৱা ভাৱে উৎপাদিত আনাৰসেৰে তথা কৰোনা মহামাৰীৰ সময়তে অৰ্ধলকডাউনৰ মাজতে তামুলপুৰৰ ভিন্ন হাট-বজাৰত ভৰি পৰিছে বতৰৰ সুস্বাদু ফল আনাৰস ৷ মহকুমাটোৰ ভাৰত – ভূটান সীমান্তৰ পাটকিজুলিৰ কালঝাৰ ,হৰতোলা ,মৰিয়মপুৰ আদি পাহাৰীয়া ঠাইত উৎপাদিত হোৱা এই আনাৰস এতিয়া সমগ্ৰ তামুলপুৰৰ বজাৰ সমাৰত উপলব্ধ ৷

অঞ্চলটোত ৮/১০ বিঘা পৰ্যন্ত আনাৰসৰ খেতি কৰি বাৰিষা সময়ত বিক্ৰী কৰি অভাৱৰ দিনত কৃষক সকল যথেষ্টখিনি উপকৃত হৈছে।কৃষি অৰ্থনীতিত বিশেষ ভূমিকা পালন কৰি অহা আনাৰসৰ খেতিৰ জৰিয়তে গাঁৱকেইখনৰ বহুলোক স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.