danewsplus.com
danewsplus.com

মধ্য প্ৰদেশত ডেল্টা প্লাছৰ সংক্ৰমণত প্ৰথমটো মৃত্যু

0 136

ডিজিটেল সংবাদ, মধ্য প্ৰদেশ: মধ্য প্ৰদেশত মহামাৰী ক’ৰোনাৰ ডেল্টা প্লাছৰ সংক্ৰমণত মৃত্যু এজনৰ। ৰাজ্যখনত পাঁচজন লোক ডেল্টা প্লাছত সংক্ৰমিত হৈছে। ইয়াৰে ভিতৰত তিনিজন ভূপালৰ আৰু দুজন উজ্জয়িনীৰ বুলি জানিব পৰা গৈছে।

অৱশ্যে চাৰিজনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। আন এগৰাকী মহিলা নিহত হৈছে। মহিলাগৰাকীৰ স্বামীও ক’ৰোনাত আক্ৰান্ত হৈছিল। উল্লেখযোগ্য যে, মহিলাগৰাকীৰ স্বামীয়ে ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছিল।

লগতে চাৰিজন ব্যক্তিয়েও ভেকচিনৰ দুয়োটা পালি গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে। কিন্তু নিহত মহিলাগৰাকীয়ে ভেকচিনৰ এটাও পালি গ্ৰহণ কৰা নাছিল। যাৰফলত হয়তো প্ৰাণ হেৰুৱাবলগীয়া হৈছে। গতিকে ৰাজ্য চৰকাৰখনে সকলো লোককে ভেকচিন ল’বলৈ অনুৰোধ জনায়।

Leave A Reply

Your email address will not be published.