danewsplus.com
danewsplus.com

অচিৰেই কংগনা ৰাণাৱটে নিৰ্মাণ কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনীমূলক ছবি

0 429

ডিজিটেল সংবাদ: অচিৰেই নিৰ্মাণ হ’ব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জীৱনীমূলক ছবি। অভিনেত্ৰী কংগনা ৰাণাৱটে নিৰ্মাণ কৰিব ছবি। বুধবাৰে সামাজিক মাধ্যমত প্ৰকাশ কৰে এই কথা খোদ অভিনেত্ৰীগৰাকীয়ে। কংগনাতকৈ অইন কোনেও ইন্দিৰাগান্ধীৰ ওপৰত আধাৰিত ছবিখন ভালকৈ নিৰ্মাণ কৰিব নোৱাৰে বুলি দাবী জনায় কংগনাই।

উল্লেখ্য যে, দ্বিতীয়বাৰৰ বাবে কংগনাই নিৰ্মাণ কৰিব ছবি। পূৰ্বে মণিকৰ্ণিকা: দ্য কুইন অফ ঝাঁচী ছবিখন নিৰ্মাণ কৰিছিল। ছবিখনৰ লেখক আছিল ৰীতেশ শ্বাহ। পিংক, কাহানি, কাহানি ২, ডি-ডে, ৰকি হেণ্ডচম আদিৰ দৰে ছবি লিখিছে শ্বাহে। ইয়াৰ পূৰ্বে কংগনাৰ জনপ্ৰিয় ছবি ধড়ক লিখিছিল শ্বাহে।

ইফালে, কংগনাক জয়ালিলতাৰ জীৱনীমূলক ছবি ‘থালাইবি’ত দেখা পোৱা যাব। ইয়াৰোপৰি, কংগনাক ‘তেজছ’ত এগৰাকী বায়ু সেনাৰ পাইলটৰ চৰিত্ৰত দেখা পোৱা যাব।

Leave A Reply

Your email address will not be published.