danewsplus.com
danewsplus.com

ক’ৰোনাৰ মাজতে ভাল খবৰ! কলিয়াবৰৰ দুই উদীয়মান যুৱকৰ অভিনৱ প্ৰচেষ্টা

0 92

ডিজিটেল সংবাদ, কলিয়াবৰ: চৌদিশে মাথো মহামাৰী ক’ৰোনা সংহাৰ। এফালৰ পৰা সকলো শেষ কৰি পেলাইছে কাল ক’ৰোনাই। কিন্তু এই দুৰ্যোগৰ সময়তো এক ভাল খবৰ। অনলাইন মাধ্যমেৰে স্বাৱলম্বীতাৰ পথ অৰ্জন কৰিছে কলিয়াবৰৰ দুই উদীয়মান যুৱকে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সকলোৱে গৃহবন্দী হৈ থকাৰ সময়তে স্বাৱলম্বীতাৰ পথ বিচাৰি লয় এই দুই যুৱকে।

এই দুই যুৱকৰ স্বাৱলম্বীতাৰ মূল পথেতেই আছে অনলাইন মাধ্যম। এই অনলাইন মাধ্যমে হৈছে বিশেষ পদক্ষেপ। অনলাইনৰ পৃথিৱীতে যেন স্বাৱলম্বী হোৱাৰ পথ বিচাৰি পাইছে কলিয়াবৰৰ এই দুই যুৱকে। অনলাইনত প্ৰশিক্ষণ গ্ৰহণ কৰি এই দুই যুৱকে কঢ়িয়াই আনিছে আশাৰ বতৰা। ঘৰতে গঢ়ি তুলিছে চকলেট উৎপাদনৰ ক্ষুদ্ৰ কাৰখানা। বানিজ্য শাখাৰ স্নাতকৰ ছাত্ৰ এলেক্স কুমাৰে দুমাহ পূৰ্বে আৰম্ভ কৰা কাৰখানাত উৎপাদিত চকলেটে দখল কৰিছে অনলাইন বজাৰ।

আনহাতে যুগল মোদী নামৰ এজন যুৱকেও ঘৰতে আৰম্ভ কৰিছে বৈদ্যুতিক বাল্ব প্ৰস্তুতৰ কাম। অতি কম মূল্যৰ বিনিময়ত বজাৰত মুকলি কৰিছে জে এম মাৰ্কাৰ মোদী লাইট নামৰ চি এফ এল বাল্ব। কলিয়াবৰৰ শাকমুঠীয়া বাগান অঞ্চলৰ একেটা চুবুৰীৰে এলেক্স আৰু যুগল মোদী নামৰ এই দুই যুৱকে দেখুৱাইছে স্বাৱলম্বী হোৱাৰ উৎকৃষ্ট নিদৰ্শন। অনলাইন মাধ্যমক যদি মনোৰঞ্জনৰ আহিলা হিচাপে ন’লৈ সঠিক দিশত ব্যৱহাৰ কৰে হয়তো এই দুই যুৱকৰ দৰে বহু যুৱক-যুৱতী স্বাৱলম্বী হ’ব পাৰিব।

Leave A Reply

Your email address will not be published.