danewsplus.com
danewsplus.com

চাপৰৰ হাতীপোতাত শৌচাগাৰ নিৰ্মাণত লুন্ঠনৰাজৰ অভিযোগ

0 329

ডিজিটেল সংবাদ, ধুবুৰী: চৰকাৰ দুৰ্নীতি ৰোধ কৰিবলৈ গঠন হয় জানো? ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত দুৰ্নীতি ৰোধ কৰাৰ কথা বাবে বাৰে কয় যদিও চৰকাৰ গঠন কৰাৰ পিছত সেয়া এক শ্ল’গান হৈ ৰয়। এই একেই কথা প্ৰমাণ কৰিলে ধুবুৰী জিলাৰ চাপৰৰ হাতীপোতা গাঁও পঞ্চায়তত হোৱা ব্যাপক দুৰ্নীতিৰ অভিযোগে। কণা হাঁহক পতান দিয়াৰ দৰে পঞ্চায়তখনত পকী শৌচাগাৰ নিৰ্মাণত লুণ্ঠন চলালে শৌচালয় নিৰ্মানৰ লাভ কৰা ঠিকাদাৰে।

জানিব পৰা মতে, উক্ত শৌচালয়সমূহ Lower Assam Development Society (লোৱাৰ আসাম ডেভলপমেন্ট চচাইটি)ক নিৰ্মাণ কৰিবলৈ দিছিল। কিন্তু সম্পূৰ্ণ নিৰ্মাণটো বাদেই নিৰ্মাণৰ নামত চলাইছে বৃহৎ লুণ্ঠনৰাজ। অতি নিম্নমানৰ শৌচালয় নিৰ্মাণ কৰি চৰকাৰী আচঁনিৰ ধন হৰলুকিৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। ঠিকাদাৰৰ এই কাণ্ডত ক্ষুদ্ধ হৈ পৰা অভিযোগ দিব যোৱা একাংশ স্থানীয় ৰাইজক ওলোটাই অশ্লীল বাক্য-বানেৰে ভাবুকি প্ৰদান উক্ত এন জি অ’ৰ পৰা শৌচালয় নিৰ্মানৰ ঠিকা পোৱা ঠিকাদাৰৰ।
এন জি অ’টোই শৌচালয় নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল যদিও বানিয়াপাৰাৰ ৰাইজৰ অভিযোগ মৰ্মে বেচৰকাৰী সংস্থাটোৱে অতি নিম্নমানৰ ইটা, চিমেন্ট, শিল, বালিৰে শৌচালয়সমূহ হিতাধিকাৰিক নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ অনুসৰি, সংস্থাটোৱে কামখিনি সম্পূৰ্ণ কৰিবলৈ ঠিকা প্ৰদান কৰে এজন ঠিকাদাৰক। যদিও ঠিকাদাৰ আৰু গাঁওখনৰে পঞ্চায়তৰ সদস্য জামিনুৰ ইছলামৰ গোপন বুজা বুজিত অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মান কৰা শৌচালয়সমূহ হাতেৰে ঠেলি দিলেই ভাঙি যোৱাত স্থানীয় ৰাইজে এই বিষয়ে ঠিকাদাৰজনক শৌচালয় নিৰ্মাণত হোৱা কেলেংকাৰীৰ বিষয়ে ফোন যোগে অভিযোগ দিয়াত ওলোটাই ঠিকাদাৰজনে অশ্লীল বাক্য-বানেৰে ভাবুকি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে হাতীপোতা গাঁও পঞ্চায়তৰ বানিয়াপাৰাৰ ৰাইজে ।

বিভাগীয় কতৃৰ্পক্ষৰ ওচৰত স্থানীয় ৰাইজৰ দাবী দুখীয়া ৰাইজৰ বাবে আৱন্টিত শৌচালয়সমূহ যাতে সঠিকভাৱে নিৰ্মাণ কৰি হিতাধীকাৰিক উপকৃত কৰে অন্যথা হিতাধীকাৰিসকলক লগত লৈ ৰাজপথলৈ ওলাই আহিবলৈও বাধ্য হ’ব বুলি সকিয়াই দিয়ে। এতিয়া প্ৰশ্ন হয় যে জনস্বাস্হ্য আৰু কাৰিকৰী বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয় ।

Leave A Reply

Your email address will not be published.