danewsplus.com
danewsplus.com

ক্ষুব্ধ ঋনগ্ৰস্থ মহিলা ! সমগ্ৰ ৰাজ্য়তে মাইক্ৰফাইনেঞ্চ লোন মাফক লৈ প্ৰতিবাদৰ জোৱাৰ

0 120

ডিজিটেল ডেস্ক, ২৩ জুন:

সমগ্ৰ অসমতে এতিয়া মাইক্ৰফাইনেঞ্চ লোন মাফক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এক প্ৰতিবাদৰ জোৱাৰ । বৰ্তমানৰ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যি মাইক্ৰফাইনেঞ্চ ঋন মাফৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত ক্ষুব্ধ হৈ পৰিছে অসমৰ মহিলা।

অৰ্ধ লক-ডাউন আৰু সান্ধ্য-আইনে জৰুলা কৰা সময়তে একাংশ মাইক্ৰফাইনেঞ্চৰ এজেণ্টে আহি ঋনৰ কৃষ্টিৰ বাবে বিভিন্ন ধৰণৰ গালি গালাছ কৰা বুলি এক অভিযোগ উত্থাপন কৰে মহিলাসকলে ।

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ বৰদুৱাৰ বাগানৰ অঞ্চলতো মহিলাসকলৰ তীব্ৰ প্ৰতিবাদ । আজি লোহাৰঘাটত মাইক্ৰফাইনেঞ্চ ঋন মাফৰ দাবী লৈ প্ৰতিবাদ সাব্যস্ত কৰে । আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ দাবী উত্থাপন কৰে ।

Leave A Reply

Your email address will not be published.