danewsplus.com
danewsplus.com

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কটন বিশ্ববিদ্যালয়ৰ বৰঙনি

0 142

ডিজিটেল ডেস্কঃ কভিড -১৯ৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কটন বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদান কৰে। বুধবাৰে আবেলি কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাস, শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক ড° ৰূমা তালুকদাৰ আৰু আৰু অধ্যাপক মহাদেৱ পাটগিৰীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১৪ লাখ ৫২ হাজাৰ ৪৬২ টকাৰ এখন চেক অৰ্পন কৰে।

ইয়াৰোপৰি যোৱা ২৭ মে তাৰিখে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে নিজাববীয়াকৈ ১ লাখ টকা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ই-চেক আগবঢ়াই। উল্লেখনীয় যে, যোৱাবছৰো কটন বিশ্ববিদ্যালয় শিক্ষক আৰু কৰ্মচাৰী সকলে কভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ এদিনৰ দৰমহা প্ৰদান কৰিছিল।

Leave A Reply

Your email address will not be published.