danewsplus.com
danewsplus.com

দুখন সমিতিয়ে নিৰ্ধাৰণ কৰিব পৰীক্ষা নোহোৱাকৈ কেনেকৈ দিয়া হ’ব ফলাফল

0 86

কেতিয়াকৈ হ’ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা, তাক লৈ অনিশ্চয়তাৰ মাজত আছিল শিক্ষাৰ্থীসকল। অৱশেষত বাতিল কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা।

বিভিন্ন দল-সংগঠনৰে হোৱা বৈঠকৰ অন্তত শুকুৰবাৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰিলে চৰকাৰৰ সিদ্ধান্ত। সংবাদমেলযোগে ঘোষণা কৰা হ’ল পৰীক্ষা বাতিলৰ খবৰ। কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবেই এই সিদ্ধান্তত উপনীত অসম চৰকাৰ।

৩১ জুলাইৰ ভিতৰত দুখনকৈ কমিটিয়ে নিৰ্ধাৰণ কৰিব ফলাফলৰ তাৰিখ। এখনে উচ্চতৰ মাধ্যমিকৰ আৰু আনখনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিৰ্ধাৰণ কৰিব। শনিবাৰে গঠন কৰা হ’ব এই কমিটি দুখন।

আভ্যন্তৰীণ ফলাফলৰ ওপৰত ভিত্তি কৰি হ’ব মূল্যায়ন। তথ্য ভিত্তিক আৰু মূল্যায়নৰ ভিত্তিত হ’ব ফলাফল নিৰ্ধাৰণ। স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Leave A Reply

Your email address will not be published.