danewsplus.com
danewsplus.com

দেশৰ ক’ভিড-১৯ৰ শেহতীয়া তথ্য

0 59

নতুন দিল্লী, ১৬ জুন: দেশত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত আছে যদিও পূৰ্বৰ তুলনাত হ্ৰাস পাইছে মহমাৰীৰ সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৬২,২২৪ গৰাকী। যোৱা ৯ দিনৰ তুলনাত পজিটিভিটীৰ হাৰ সৰ্বনিম্ন ৫ শতাংশ। ইফালে, যোৱা ২৪ ঘন্টাত ২,৫৪২ টা ঘটনা সক্ৰিয় হৈ আছে।

আনহাতে, ১,০৭,৬২৮ গৰাকী লোকে মহমাৰীৰ পৰা সুস্থ হৈ উঠাৰ লগে লগে মুঠ সুস্থ হোৱা লোকৰ সংখ্যা ২,৮৩,৮৮,১০০ গৰাকীলৈ বৃদ্ধি পায়।

বৰ্তমানলৈ দেশত ২,৯৬,৩৩,১০৫ গৰাকী লোক মহামাৰী ক’ৰোনাত আক্ৰান্ত হৈছে। ইফালে ৩,৭৯,৫৭৩ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

আই চি এম আৰৰ তথ্য অনুসৰি, ১৫ জুনলৈ মুঠ ৩৮,৩৩,০৬,৯৭১ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়। ইয়াৰে ভিতৰত মঙলবাৰে ১৯,৩০,৯৮৭ গৰাকী লোকৰ দেহত মহমাৰীৰ উপস্থিতি ধৰা পৰে।

মহামাৰীৰ সমান্তৰালকৈ দেশত ভেকচিন কাৰ্যসূচীও অব্যাহত আছে। এতিয়ালৈকে দেশত ২৬,১৯,৭২,১০৪ টা পালি প্ৰদান কৰা হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

Leave A Reply

Your email address will not be published.