danewsplus.com
danewsplus.com

চীনৰ এগৰাকী মহিলাৰ বিশ্ব অভিলেখ। চকুৰ নোমেৰে বিশ্ব অভিলেখ গঢ়িলে মহিলাগৰাকীয়ে।

0 69

এইবাৰ চীনৰ আন এক বিশ্ব ৰেকৰ্ড ৷ দেশখনৰ এগৰাকী মহিলাই চকুৰ নোম ৰাখি গঢ়িলে এই ৰেকৰ্ড ৷ আচৰিত যেন লাগিলেও চীনৰ ইউ জিয়ানজিয়া নামৰ এগৰাকী মহিলাই কেইবাবছৰ ধৰি কৰা চেষ্টাৰ পাছত এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে ইউ জিয়ানজিয়া নামৰ এগৰাকী মহিলাই ২০.৫ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰ চকুৰ নোম ৰাখি গঢ়িলে এই ৰেকৰ্ড৷ তেওঁ ২০১৬ চনৰ ২৮জুনৰ পৰা এই অভিলেখ গঢ়িবৰ বাবে চেষ্টা কৰি আহিছিল বুলি জানিবলৈ দিয়ে৷ অৱশ্যে ইয়াৰ পূৰ্বে ২০১৬ চনত ইউ জিয়ানজিয়াই তেওঁৰ বাওচকুৰ নোম ১২.৪ ছেণ্টিমিটাৰ দৈৰ্ঘ্যৰে প্ৰথমবাৰৰ বাবে অভিলেখ স্থাপন কৰিছিল৷

ইউ জিয়ানজিয়াই চকুৰ নোম ৰাখি ‘গিনিছ বুক অব ৱল্ড ৰেকৰ্ড’ নাম সন্নিৱিষ্ট কৰাৰ পাছতে তেওঁ কয়, “মই প্ৰথমবাৰৰ বাবে ২০১৫ চনত মোৰ চকুৰ নোম বাঢ়ি অহা অনুভৱ কৰিছিলো আৰু লাহে লাহে পাছলৈ ক্ৰমান্বয়ে দীঘল হৈ পৰিছিল৷”

Leave A Reply

Your email address will not be published.