danewsplus.com
danewsplus.com

উচ্চতম ন্যায়ালয়ত আবেদন অসমৰ শিক্ষার্থীৰ।মেট্রিক–উচ্চতৰ মাধ্যমিক পৰীক্ষা বাতিলৰ বাবে আবেদন।

0 72

ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ পৰিপ্রেক্ষিতত অসমত হাইস্কুল–হাইমাদ্রাছা শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ বর্তমানেও অনিশ্চয়তা অব্যাহত আছে ৷ ইয়াৰ মাজতে এই পৰীক্ষা বাতিলৰ বাবে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৰাজ্যখনৰ একাংশ শিক্ষার্থী–অভিভাৱক ৷

চি বি এছ ই–আই চি এছ চি পৰীক্ষা বাতিলৰ আবেদন জনাই ইতিপূর্বে অধিবক্তা মমতা শর্মাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এটা গোচৰৰ সৈতে সংগতি ৰাখি অসমৰ শিক্ষার্থী আৰু অভিভাৱকে এখন হস্তক্ষেপকাৰী আবেদন দাখিল কৰিছে৷ আবেদনখনৰ জৰিয়তে পৰীক্ষা বাতিলৰ আর্জি জনোৱাৰ লগতে চি বি এছ ই তথা অন্য শিক্ষা ব’ৰ্ডসমূহৰ পদ্ধতিৰ সৈতে সংগতি ৰাখি অসমৰ ছাত্র–ছাত্রীসকলৰ পাৰদর্শিতা মূল্যায়নৰ হকে এক নির্দিষ্ট ‘ফর্মুলা’ গ্রহণ কৰিবলৈও ৰাজ্য চৰকাৰৰ লগতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদক নির্দেশনা দিবলৈও অনুৰোধ জনোৱা হৈছে৷ লগতে ছাত্র–ছাত্রীসকলৰ পাৰদর্শিতা মূল্যায়নৰ ভিত্তিত সময় নির্ধাৰিতভাৱে ফলাফল প্রকাশ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হৈছে আবেদনখনত৷ তদুপৰি এই আবেদনখনত শিক্ষার্থী আৰু অভিভাৱসকলে প্রকাশ কৰিছে যে অসমত ১ জুলাইত হ’বলগীয়া পজিটিভিটী হাৰৰ সৈতে জুলাইৰ মাজভাগত অথবা আগষ্ট মাহৰ পজিটিভিটী হাৰৰ কোনো সম্পর্ক নাথাকিব পাৰে৷ কিয়নো পজিটিভিটী হাৰ অতি ক্ষিপ্রতাৰে বৃদ্ধি পাব পাৰে৷

আনকি ২৪ ঘণ্টাতকৈও কম সময়ৰ ব্যৱধানত এই হাৰ কম–বেছি হ’ব পাৰে৷ সমান্তৰালভাৱে এই আবেদনখনত উল্লেখ কৰা হৈছে যে শিক্ষার্থীসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুৰক্ষিত নিশ্চিত কৰাৰ প্রয়োজনীয়তা আছে৷

উল্লেখ্য যে অসমৰ শিক্ষার্থী–অভিভাৱকসহ হৈ উচ্চতম ন্যায়ালয়ত এই আবেদনখন দাখিল কৰিছে অধিবক্তা মঞ্জু জেটলীয়ে৷ এইক্ষেত্রত সহযোগী হিচাপে আছে অধিবক্তা ক্রমে প্রভুল প্রসন্ন বেহেৰা, অভিষেক চৌধুৰী, নবাব সিং, ঋত্তিকা ঋতু আৰু অভিষেক পাটনায়ক৷

Leave A Reply

Your email address will not be published.