danewsplus.com
danewsplus.com

চয়নিকালৈ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য্য

0 77

গোলাঘাটৰ জনপ্ৰিয় গায়িকা তথা মেধাৱী ছাত্ৰী চয়নিকা সভাপণ্ডিতলৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫০ হেজাৰ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ ঘোষণা কৰা হয়। আজি গোলাঘাট সমষ্টিৰ বিধায়িকা তথা বিত্ত মন্ত্ৰী অজন্তা নেওগে  চয়নিকাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী সাহায্য পুজিৰ চেক প্ৰদান কৰে ।

এগৰাকী সু গায়িকা তথা কটন বিশ্ববিদ্যালত অধ্যয়নৰত চয়নিকা সভাপণ্ডিতে আৰ্থিক দুৰৱস্থাৰ বাবে নিজ গৃহতে শাক পাচলিৰ ব্যৱসায় আৰম্ভ কৰি নিজৰ পৰিয়ালটোক কিছু আৰ্থিক সকাহ দিয়াৰ লগতে নৱ প্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰিছে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক সাহাৰ্য্যৰ কথা ঘোষনা কৰে ।

অসম চৰকাৰৰ এই সাহাৰ্য্য পুঁজি লাভ কৰি অত্যন্ত সুখী চয়নিকাৰ লগতে পৰিয়ালবৰ্গ। এটি গীত গাই চয়ানিকাই ধন্যবাদ জনালে অসম চৰকাৰক।

Leave A Reply

Your email address will not be published.