danewsplus.com
danewsplus.com

দেশত ভেকচিন নাটনিৰ তথ্য উদঙাইছে আব্বাছ হাফিজে

0 64

ডিজিটেল ডেস্ক, ১৩ জুন: মোদী চৰকাৰৰ ভেকচিন নাটনিৰ তথ্য উদঙাইছে কংগ্ৰেছৰ মুখপাত্ৰ আব্বাছ হাফিজে। দেশত ভেকচিনৰ বাৰুকৈয়ে নাটনি হৈছে। তেনে সময়তে মোদী চৰকাৰৰ সমগ্ৰ তথ্য ফাদিল কৰিছে আব্বাছ হাফিজে।

দেশজুৰি কাল ক’ৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ সমান্তৰালকৈ ক’ভিড ভেকচিন কাৰ্যসূচীও অব্যাহত আছে। ভাৰতত প্ৰস্তুত কৰা ভেকচিন কেন্দ্ৰ চৰকাৰে দেশৰ ভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ কেবাখনো দেশলৈ প্ৰেৰণ কৰিছে। যোৱা ২২ জানুৱাৰীৰ পৰা ১৬ এপ্ৰিললৈকে কেন্দ্ৰ চৰকাৰে ৯৫ খন দেশত মুঠ ৬ কোটি ৬৩ লাখ ৭০ হাজাৰ ভেকচিনৰ পালি প্ৰেৰণ কৰিছে। ইয়াৰে ভিতৰত ১ কোটি লাখ ১৫ হাজাৰ পালি বিনামূলীয়াকৈ যোগান ধৰিছে।

বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতে বিনামূলীয়াকৈ পঠিওৱা মুঠ ভেকচিনৰ ৩৩ লাখ ভেকচিন আটাইতকৈ বেছি বাংলাদেশকেই যোগান ধৰিছে। ম্যানমাৰক ১৭ লাখ, নেপালক ১১ লাখ, চৌদি আৰৱক ৪৫ লাখ, আফগানিস্তানত ৯ লাখ আৰু শ্ৰী লংকাক ১২ লাখ ভেকচিনৰ পালি বিনামূলীয়াকৈ যোগান ধৰিছে ভাৰত চৰকাৰে।

ইয়াৰ পাচতেই আব্বাছ হাফিজে প্ৰশ্ন উত্থাপন কৰিছে যে মোদী চৰকাৰে কোভাক্সিনৰ এটা পালি ৩০০ টকাত ক্ৰয় কৰি সাধাৰণ ৰাইজৰ বাবে ইয়াৰ মূল্য ১৪০০ টকা নিৰ্ধাৰণ কৰি কিয় ৰামটাঙোন সোধাইছে। এতিয়া প্ৰশ্ন হয় যে মোদীৰ বদান্যতাৰ বাবেই সাধাৰণ জনতাই ভোগ কৰিব লাগিব নেকি দুৰ্ভোগ?

Leave A Reply

Your email address will not be published.