danewsplus.com
danewsplus.com

তামিলনাডুত পুনৰ ২১ দিনলৈ বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা

0 82

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ বাবে তামিলনাডুত বৃদ্ধি কৰা হৈছে লকডাউনৰ সময়সীমা । ৰাজ্যখনত ২১জুনলৈ লকডাউন বৃদ্ধিৰ সিদ্ধান্ত তামলিনাডু চৰকাৰৰ। অৱশ্যে, লকডাউন বৃদ্ধি কৰিলেও ৰাজ্যখনত জাৰি থকা নিষেধাজ্ঞা কিছু শিথিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

১৪ জুনৰ পৰা নতুন ক’ভিড বিধি জাৰি হ’ব ৰাজ্যখনত। বিগত ৩৫ দিনৰ পাছত ১৪ জুনৰ পৰা চেলুন,পাৰ্ক আৰু সুৰাৰ বিপণীসমূহ খোলাৰ সিদ্ধান্ত লৈছে চৰকাৰে। এই শিথিলতাৰ মাজতে সাধাৰণ ৰাইজক ক’ভিড বিধি মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ।

এক বিশেষ সূত্ৰৰ মতে, ৰাজ্যখনৰ অন্তৰ্গত ৪০খন জিলাৰ ১৩খনতে ক’ভিড-১৯ৰ সংক্ৰমণৰ হাৰ অধিক হোৱা বাবে উক্ত জিলাকেইখনত পূৰ্বৰ ক’ভিড নিৰ্দেশনা জাৰি থাকিব। আনহাতে, বাকী থকা ২৭ খন জিলাত পূৰ্বৰ তুলনাত শিথিল হব ক’ভিড বিধি। ছবিগৃহ আৰু পৰিবহণ সেৱা ২১জুনলৈ বন্ধ থাকিব। চেন্নানইৰ লগতে ২৭ খন জিলাত ৩৩ শতাংশ কৰ্মচাৰীৰে ঔদ্যোগিক কাম-কাজ চলি থাকিব বুলি সদৰী কৰিছে।

Leave A Reply

Your email address will not be published.