danewsplus.com
danewsplus.com

মৰাণত আছুৰ অনুষ্টুপীয়াকৈ পালন ছাত্ৰ সংহতি দিৱস

0 73

ডিজিটেল ডেস্ক, ১০ জুন: প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থাই ১০ জুনত ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে । ক’ভিড ভয়াবহতাৰ বাবে আছু কৰ্মী সকলে মৰাণ মহাবিদ্যালয় চৌহদৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদি অনুষ্টুপীয়াকৈ ছাত্ৰ সংহতি দিৱস পালন কৰে । অনুষ্ঠানত চৰাইদেউ জিলাৰ সহঃ সম্পাদক অবিনাশ শৰ্মা, জিলাৰ কাৰ্যকৰী সদস্য জিন্টু গগৈৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৭৪ চনত আৰম্ভ হৈছিল এক খাদ্য আন্দোলন । শাসক দলৰ ওচৰত ৰাজ্যৰ অৰ্থনীতি পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে ২১ দফীয়া দাবীৰে আৰম্ভ কৰা এই আন্দোলনৰ মাজতে ঘটিছিল অঘটন। শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰা দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল এই আন্দোলনত। এই দুই মহান শ্বহীদক মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধাৰে স্মৰণ কৰে ।

Leave A Reply

Your email address will not be published.