danewsplus.com
danewsplus.com

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ বৈঠক। আজি চূড়ান্ত হ’ব মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰী পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশাৱলী।

0 78

ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অনিশ্চয়তাত ৰাজ্যৰ শৈক্ষিক জগত ৷ প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যায়লৈকে পাঠদানৰ পৰা আৰম্ভ কৰি হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছে এই অনিশ্চয়তা ৷ ইয়াৰ মাজতে আজি শিক্ষা বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ লগতে পাঠদান সন্দর্ভত নতুন এছ অ’ পি প্রকাশ কৰা হ’ব৷  এই কথা সদৰী কৰিছে ৰাজ্যৰ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷

আজি অনুষ্ঠিত হ’বলগীয়া শিক্ষা বিভাগৰ গুৰুত্বপূর্ণ এই বৈঠকখনত ৰাজ্যৰ বিভিন্ন দল–সংগঠন, বুদ্ধিজীৱী–প্রশাসন, স্বাস্থ্য বিভাগ– পৰিবহণ বিভাগৰ প্রতিনিধিসকল উপস্থিত থাকিব ৷ অহা ১৫–১৬ জুনৰ ভিতৰত অসমৰ শিক্ষার্থীসকলে ভাল খবৰ লাভ কৰিব বুলি উল্লেখ কৰি তেওঁ কয়– ‘এই বৈঠকত পৰীক্ষা অনুষ্ঠিত কৰা সন্দর্ভত নতুন এছ অ’ পি প্রকাশ কৰা হ’ব৷ বানপানী হ’লেও যাতে পৰীক্ষা বন্ধ নহয়, তাৰ প্রতি বিশেষ গুৰুত্ব প্রদান কৰা হ’ব ৷ বানপানীৰ পূর্বেই পৰিস্থিতি সাপেক্ষে পৰীক্ষা কেন্দ্রসমূহ নির্বাচন কৰা হৈছে৷ ক’ভিডৰ সংক্রমণৰ হাৰ ক্রমান্বয়ে হ্রাস পোৱাত শিক্ষার্থীসকলে সোনকালে ভাল খবৰ লাভ কৰাটো নিশ্চিত৷ সেয়েহে শিক্ষার্থীসকলে সুৰক্ষিত হৈ থাকি অধ্যয়ন অব্যাহত ৰাখক৷’

Leave A Reply

Your email address will not be published.