danewsplus.com
danewsplus.com

ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ পথত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্থাপিত বহৰি সত্ৰ

0 249

ক’ৰোনা মহামাৰীৰ কালৰূপৰ মাজতে এইবাৰ আন এক দুৰ্যোগে নিদ্ৰা হৰিছে নৈ পৰীয়া ৰাইজক। বৰপেটা জিলাৰ বহৰিত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কালৰূপত নিদ্ৰা হৰিছে বহৰি সত্ৰবাসীৰ। সম্প্ৰতি ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে ১৪৫৩ খ্ৰীষ্টাব্দত স্থাপন কৰা বহৰি সত্ৰলৈ। বহৰি সত্ৰৰ প্ৰায় দুশ মিটাৰ দূৰত্বত অৱস্থান কৰিছে ব্ৰহ্মপুত্ৰই।

ব্ৰহ্মপুত্ৰৰ এই খহনীয়া যদি এনেদৰেই অব্যাহত থাকে আৰু বিগত সময়ৰ দৰে যদি কেৱলমাত্ৰ প্ৰতিশ্ৰুতিৰেই ৰজাঘৰীয়াই দায়িত্ব সামৰে তেনেহ’লে অচিৰেই যে বহৰি সত্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যাব সেয়া নিশ্চিত। বহৰিত খহনীয়াৰ প্ৰকোপ এনেকৈ বাঢ়ি গৈ আছে যে কোন মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ মথাউৰি ভাঙি বহৰি সত্ৰ প্লাবিত হয় তাৰ কোনো ঠিকনা নাই। এইহেন পৰিস্থিতিত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে বহৰি সত্ৰবাসীৰ লগতে দাঁতি-কাষৰীয়া কেইবাখনো গাঁৱৰ লোক।

উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কবলত পৰি ইতিমধ্যেই চেঙাৰ পঞ্চাশখনৰো অধিক গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গৈছে। কিন্তু তাৰ পাছতো কোনো এখন চৰকাৰে খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে বিজ্ঞানসন্মতভাৱে ব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ বাবে খহনীয়াই পুনৰ কঢ়িয়াই আনিছে কেইবাখনো গাঁওলৈ অস্তিত্বৰ সংকট।

এইবেলি ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ নতুন চৰকাৰক এইক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে। ইফালে বহৰিত ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাৰ সময়তে বিয়লি বহৰিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ, অগপৰ নেতা ৰবিউল হুছেইনসহ এটি সজাতি দলে।

অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে বহৰিৰ খহনীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰী পিযুষ হাজৰিকাৰ স’তে আলোচনা কৰি বিজ্ঞানসন্মত ভাবে ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰি মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱ স্থাপিত বহৰি সত্ৰখনক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবই লাগিব বুলি উল্লেখ কৰে। লগতে অচিৰেই বিভাগীয় মন্ত্ৰীয়ে খহনীয়াস্থলী পৰিদৰ্শন কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে জিতু তালুকদাৰে।

Leave A Reply

Your email address will not be published.