danewsplus.com
danewsplus.com

ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ দেহাৱসান

0 245

ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ দেহাৱসান। শনিবাৰে পুৱাৰ ভাগতে আহে এই বেয়া খবৰটো। মাত্ৰ কেইদিনমান পূৰ্বে বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈ অসম বিধানসভাত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিছিলহে, সেই সময়তে আহে এই বেয়া খবৰটো।

উল্লেখ্য যে, নিৰ্বাচনৰ পূৰ্বে আন আন নেতাসকলৰ লগতে বিটিআৰৰ এইগৰাকী নেতা বিশেষভাৱে চৰ্চালৈ আহিছিল। কিছুদিন পূৰ্বে তেওঁ ক’ভিড পজিটিভ হোৱাৰ পিছতে জিএমচিএইচত ভৰ্তি কৰা হয়। পৰৱৰ্তী সময়ত ষ্ট্ৰোক হোৱাত তেওঁৰ স্বাস্থ্যৰ অৱণতি ঘটে আৰু শনিবাৰে এনেদৰে মৃত্যুক আকোৱালি হয়।

উল্লেখ্য যে, UPPL ৰ বিধায়ক গৰাকীৰ মৃত্যুৰ খবৰে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। বিটিচি প্ৰধান প্ৰমোড বড়োৰ লগতে সকলো লোকে এই দিনটোত শোক ব্যক্ত কৰিছে আৰু তেওঁৰ বিদ্বেহী আত্মাক শান্তি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.