danewsplus.com
danewsplus.com

গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, ততাতৈয়াকৈ হাস্পতালত ভৰ্তি

0 141

পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ভৰ্তি কৰা হৈছে হাস্পতালত। জানিব পৰা অনুসৰি, মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি কৰোৱা হৈছে বঢ়মপুৰৰ কেইবাটাও কাৰ্যকালৰ বিধায়কগৰাকীক।

বিগত বহু বছৰ ধৰি বঢ়মপুৰ সমষ্টিৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল যদিও বিগত বিধানসভা নিবাচনত তেখেতে প্ৰতিদন্দ্বিতা কৰাৰ পৰা বিৰত থাকে। অতি কম বয়সতে অসমৰ মুখ্যমন্ত্ৰী হোৱা মহন্তৰ দেশৰ ৰাজনীতিত আছে এটা বিশেষ নাম।

উল্লেখ্য যে, কিছুদিন পূৰ্বে দিল্লীৰ AIIMS ত চিকিৎসা গ্ৰহণ কৰিছিল মহন্তই। বিগত বৰ্ষত দুবাৰকৈ হৃদৰোগত আক্ৰান্ত হৈছিল প্ৰফুল্ল কুমাৰ মহন্ত। তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে অনুৰাগীসকলে দ্ৰুত আশু-আৰোগ্য কামনা কৰিছে।

Leave A Reply

Your email address will not be published.