danewsplus.com
danewsplus.com

কাৰ্বি আংলঙত গুলীয়াগুলী, নিহত এজন

0 67

কাৰ্বি আংলং: কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা৷ উগ্ৰপন্থী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। সন্দেহজনক উগ্ৰপন্থীৰ গুলীত নিহত এজন৷

নিশা ধনশিৰিৰ দাউজিংফাঙত সন্দেহজনক উগ্ৰপন্থীৰ গুলীত নিহত হয় সঞ্জয় ৰংহাং ওৰফে সঞ্জয় ডিফুচা নামৰ এজন লোক৷ চাৰি-পাঁচজনীয়া উগ্ৰপন্থীৰ দলে গুলীয়াই হত্যা কৰে এই লোকজনক৷ নিশা উগ্ৰপন্থীৰ দলটোৱে তেওঁৰ ঘৰত উপস্থিত হৈ বিচাৰিছিল তেওঁৰ ব্যক্তিগত বাহনখন৷ সীমান্তত থৈ অহাৰ বাবে নিৰ্দেশ দিছিল৷ সঞ্জয় ৰংহাঙে এই কথা মানি নোলোৱাত তেওঁক গুলীয়াই হত্যা কৰি আতৰি যায় উগ্ৰপন্থীৰ দলটো৷ এই ঘটনাত DNLA জড়িত থকাৰ সন্দেহ কৰা হৈছে৷

গুলীচালনাৰ ঘটনাৰ পিছতে আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান চলোৱাত সীমান্তত আৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত লাগে সংঘৰ্ষ৷ এই সংঘৰ্ষত এজন উগ্ৰপন্থী আহত হোৱাৰ হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.