danewsplus.com
danewsplus.com

এটা নিউজ পৰ্টেলৰ বাতৰিৰ পিছতে গ্ৰেপ্তাৰ ২ মন্ত্ৰী

0 102

পশ্চিমবংগত তৃণমূলৰ দুই মন্ত্ৰীসহ ৩জনকৈ নেতাক গ্ৰেপ্তাৰ কৰিছে চিবিআইয়ে৷ এই ঘটনাই এতিয়া ৰাজ্যখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চিবিআইৰ এটা দলে সোমবাৰে গ্ৰেপ্তাৰ কৰে তৃণমুলৰ দুই মন্ত্ৰী ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী আৰু বিধায়ক মদন মিত্ৰক৷

নাৰদকাণ্ড সম্পৰ্কত গ্ৰেপ্তাৰ কৰা হয় এই মন্ত্ৰী-বিধায়ককেইজনক৷ নাৰদ নামৰ এটা পৰ্টেলে কিছুদিন পূৰ্বে তৃণমূল নেতাৰ দুৰ্নীতি সম্পৰ্কত সংবাদ সম্প্ৰচাৰ কৰিছিল৷ তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় এই মন্ত্ৰী-বিধায়ককেইজন৷ আটাইকে লৈ যোৱা হয় কলকাতাৰ নিজম পেলেচত থকা চিবিআইৰ কাৰ্যালয়লৈ৷

আগতীয়া জাননী নিদিয়াকৈ এই মন্ত্ৰী-বিধায়ককেইজনক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ চিবিআইৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে মমতা বেনাৰ্জীয়ে৷

Leave A Reply

Your email address will not be published.