danewsplus.com
danewsplus.com

যোৰহাটত দুই চিকিৎসকক আটক

0 76

যোৰহাট: ৰাজ্যজুৰি ক’ৰোনাৰ সংহাৰ অব্যাহত থকাৰ সময়তে যোৰহাটত ভোগ বিলাসত মত্ত দুই চিকিৎসকক আটক৷ সুৰাপান কৰি ব্ৰহ্মপুত্ৰত জলকেলি কৰি থকা অৱস্থাত আৰক্ষীয়ে কৰায়ত্ত কৰে যোৰহাট মেডিকেল কলেজ হাস্পতালৰ এই দুই কনিষ্ঠ চিকিৎসকক৷

ব্ৰহ্মপুত্ৰৰ ৮নম্বৰ স্পাৰৰ সমীপত এক নিৰ্জন পৰিৱেশত শুকুৰবাৰে সুৰাপান কৰি সাঁতুৰি-নাদুৰি অৱসৰ বিনোদনত ব্যস্ত আছিল চিকিৎসকহাল৷ স্থানীয় ৰাইজে এনে অৱস্থাত দুয়োকে দেখা পাই আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োকে যোৰহাট থানালৈ লৈ যায়৷

Leave A Reply

Your email address will not be published.