danewsplus.com
danewsplus.com

বজাৰলৈ আহি আছে ৰাছিয়াৰ ভেকচিন Sputnik V

0 127

দেশৰ বজাৰত অহা সপ্তাহৰ পৰা উপলব্ধ হ’ব ৰাছিয়াৰ ভেকচিন Sputnik V৷ প্ৰাৰম্ভিকভাৱে এই ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে ৯৯৫ টকা৷ আমদানিকৃত এই ভেকচিনৰ মূল্যৰ সৈতে সংলগ্ন কৰা হৈছে ৫ শতাংশ GST৷

অৱশ্যে ভাৰতত উৎপাদন আৰম্ভ হ’লে Sputnik V ৰ মূল্য ভালেখিনি হ্ৰাস পাব৷ দেশত এই ভেকচিন উৎপাদনৰ স্বীকৃতি লাভ কৰিছে বেচৰকাৰী সংস্থা ডক্তৰ ৰেড্ডিছ লেব’ৰেটৰীজে৷

ক’ভিছিল্ড, ক’ভাক্সিনৰ পিছত দেশৰ বজাৰত বিক্ৰীৰ অনুমতি পোৱা Sputnik V হৈছে ক’ৰোনাৰ তৃতীয়টো ভেকচিন৷ এই ভেকচিন ক’ৰোনা প্ৰতিৰোধত ৯১.৬ শতাংশ কাৰ্যক্ষম বুলি দাবী কৰা হৈছে৷

Leave A Reply

Your email address will not be published.