danewsplus.com
danewsplus.com

অসমৰ ৩খন চহৰত হ’ব পাৰে লকডাউন!

0 206

ৰাজ্যত ক’ৰোনাৰ সংক্ৰমণ এতিয়াও হ্ৰাস পোৱা নাই। প্ৰতিদিনে বহুলোকে ক’ৰোনাৰ ফলত প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে ক’ভিডৰ ফলত মৃত্যু হৈছে ১৯৪৪ গৰাকী লোকৰ। ক’ৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে।

অৱশ্যে বৰ্তমান সময়ত লকডাউনৰ সম্ভাৱনা নাই বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে ইয়াৰ মাজতো ৩খনকৈ চহৰত লকডাউন হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটী, ডিব্ৰুগড় আৰু তিনিচুকীয়াত লকডাউন দিয়াৰ ইংগিত দিছে মুখ্যমন্ত্ৰী শৰ্মাই।

শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অসমত লকডাউনৰ সম্ভাৱনা নাই। কিন্তু গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়াত যদিহে পৰিস্থিতি সুচল নহয় তেন্তে পৰৱৰ্তী সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিব।”

আনহাতে মৃত্যুৰ সংখ্যা বেছি হোৱাৰ কাৰণ সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ”দ্বিতীয় ঢৌত অহা ডাব’ল মিউটেন ভাইৰাছৰ ঘাতক ক্ষমতা বেছি বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে। জিএমচিএইচত ২০০ খন আইচিইউৰ বিচনা নতুনকৈ নিৰ্মাণ কৰা হৈছে। সৰুসজাইত ৩০০ খন বিচনাযুক্ত চিকিৎসালয় হ’ব। ডিআৰডিঅ’ক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে।”

তিনিচুকীয়াৰ গ্ৰেণেড বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ”ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে।”

Leave A Reply

Your email address will not be published.