danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে নিজৰ বাহনখন ঘৰৰ পৰা বাহিৰলৈ উলিওৱাৰ পূৰ্বে চাওক এই খবৰ

0 92

গুৱাহাটী মহানগৰীত ব্যক্তিগত বাহন চলাচল কৰাৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন নিৰ্দেশনা৷ ৰাজ্যত ক্ৰমে বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি SOP জাৰি কৰাৰ পিছতেই মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা৷

১৩ মে’ৰ পৰা গুৱাহাটী মহানগৰীত কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা৷ নিৰ্দেশনা অনুসৰি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যক্তিগত বাহনৰ ক্ষেত্ৰত জাৰি হ’ব এই নীতি৷ এটা যুগ্ম দিনত মহানগৰীৰ ভিতৰত চলাচল কৰিব পাৰিব একমাত্ৰ যুগ্ম সংখ্যাৰে সমাপ্ত হোৱা নম্বৰৰ গাড়ীসমূহহে৷

সেইদৰে অযুগ্ম দিনসমূহত চলাচল কৰিব পাৰিব একমাত্ৰ অযুগ্ম সংখ্যাৰে সমাপ্ত হোৱা নম্বৰৰ গাড়ীসমূহহে৷ উদাহৰণস্বৰূপে- যিসমূহ গাড়ীৰ নম্বৰপ্লেটৰ শেষৰ সংখ্যাটো ০, ২, ৪, ৬ অথবা ৮ (যুগ্ম) হয়, সেইসমূহ ব্যক্তিগত বাহন ১৪, ১৬, ১৮, ২০, ২২, ২৪, ২৬ মে’ আদিৰ দৰে যুগ্ম দিনতহে চলাচল কৰিব পাৰিব৷

তেনেকৈ ১, ৩, ৫, ৭ আৰু ৯ (অযুগ্ম) সংখ্যাৰে সমাপ্ত হোৱা বাহনসমূহ ১৩, ১৫, ১৭, ১৯, ২১, ২৩, ২৫ মে’ আদিৰ দৰে অযুগ্ম দিনতহে চলাচল কৰিব পাৰিব৷ অৱশ্যে চৰকাৰী যান-বাহন, খোৱাপানী আৰু গাখীৰ সৰবৰাহ কৰা বাহন, এম্বুলেন্স, ৰন্ধন গেছৰ বাহন, চিকিৎসাত ব্যৱহাৰ হোৱা বাহন আৰু ক’ৰোনাৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা জৰুৰীকালীন বাহনসমূহক এই নিৰ্দেশনাৰ পৰা ৰেহাই দিয়া হৈছে৷

Leave A Reply

Your email address will not be published.