danewsplus.com
danewsplus.com

অসম চৰকাৰৰ কেবিনেট বৈঠকৰ ১৬ টা ডাঙৰ সিদ্ধান্ত…

0 150

নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক সমাপ্ত। বৈঠকৰ পিছত সংবাদমেলত কি বিশেষ ঘোষণা কৰিলে অসম চৰকাৰৰ ৩ মন্ত্ৰীয়ে। চাওঁক সংবাদমেলৰ ১৬ টা বিশেষ ঘোষণা।

  • ১. পীয়ূষ হাজৰিকা আৰু কেশৱ মহন্ত কেবিনেটৰ মুখপাত্ৰ।
  • ২. ‘সপ্তাহৰ প্ৰতিটো বুধবাৰে বহিব কেবিনেট।’
  • ৩. ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেটত পৰ্যালোচনা।
  • ৪. সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত লোৱা নাইঃ মন্ত্ৰী মহন্ত।
  • ৫. ‘কাইলৈ ব্যাখ্যা কৰা হ’ব এই সন্দৰ্ভত লোৱা দিশসমূহ।’
  • ৬. ‘মুখ্য সচিব, DGP-এ ব্যাখ্যা কৰিব কাৰ্যকৰী দিশসমূহ।’
  • ৭. বুধবাৰে দিনৰ ১১ বজাত জনাব মুখ্য সচিব, DGP-এ।
  • ৮. অহা কেবিনেটত আৰ্থিক অনুদান সন্দৰ্ভত ল’ব সিদ্ধান্ত।
  • ৯. ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ সিদ্ধান্ত নতুন চৰকাৰৰ।
  • ১০. এই সন্দৰ্ভত গঠন কৰা হৈছে এখন কমিটী।
  • ১১. ‘কমিটীয়ে এমাহৰ ভিতৰত দাখিল কৰিব প্ৰতিবেদন।’
  • ১২. মাইক্ৰ’ ফাইনেন্সৰ ঋণ সন্দৰ্ভতো লোৱা হ’ব সিদ্ধান্ত।
  • ১৩. ‘ঋণ ৰেহাই দিয়া সন্দৰ্ভতো লোৱা হ’ব পাৰে সিদ্ধান্ত।’
  • ১৪. ‘ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে।’
  • ১৫. NRLত বৃদ্ধি হ’ব বিনিয়োগৰ হাৰঃ মন্ত্ৰী পাটোৱাৰী।
  • ১৬. ‘NRLত হ’ব ২৬ শতাংশ বিনিয়োগ।’
Leave A Reply

Your email address will not be published.