danewsplus.com
danewsplus.com

অসমৰ ক’ৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সোণোৱাল, ২ বজাত উপায়ুক্তসকলৰে বৈঠক

0 102

অসমত ক’ৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন লোক। কেৱল বুধবাৰৰ দিনটোতেই ক’ভিডত আক্ৰান্ত হৈছে ৪,৮২৬ গৰাকী লোক। একেদৰে এই নিৰ্দিষ্ট সময়চোৱাত মৃত্যু হৈছে ৫৫ গৰাকী লোকৰ।

গুৱাহাটী মহানগৰীতো দ্ৰুতহাৰত ক’ৰোনাত আক্ৰান্ত হৈছে ইজনৰ পিছত সিজন লোক। বুধবাৰৰ দিনটোত গুৱাহাটীত ক’ভিডত আক্ৰান্ত হৈছে ১,৩৮৩ গৰাকী লোক। যাৰ ফলশ্ৰুতিত উদ্বিগ্ন হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মুখ্যমন্ত্ৰী সোণোৱালে ক’ৰোনাৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা। একেদৰে বিয়লি দুই বজাত উপায়ুক্তসকলৰে বৈঠকত বহিব মুখ্যমন্ত্ৰীগৰাকী। ভিডিঅ’ কনফাৰেন্সিঙেৰে হ’ব এই বৈঠক৷

Leave A Reply

Your email address will not be published.